Job 18

বিল্দদৰ দ্বিতীয় বক্ততা।

1তাতে চুহীয়া বিলদদে পুনৰায় উত্তৰ কৰি কলে, 2তোমালোকেনো কিমান কাল কথা বিচাৰি থাকিবা ? তোমালোকে বুজি চাব লাগে; তাৰ পাছত আমি কথা কব পাৰোঁ।

3আমি নো কেলেই পশুতুল্য গণিত হৈছোঁ ? আৰু তোমালোকৰ দৃ্টিত আমি নো কেলেই অশুচি হৈছোঁ? 4ক্ৰোধত নিজকে বিদৰোৱা যি তুমি, তোমাৰ নিমিত্তে জানো পৃথিবী ত্যাগ কৰা হ’ব, বা তোমাৰ নিমিত্তে বৃহৎ শিলক নিজ ঠাইৰ পৰা আঁতৰোৱা যাব ?

5নিশ্চয় দুষ্টৰ দীপ্তি নুমাই যাব, আৰু তাৰ অগ্নি-শিকাই পোহৰ নিদিব। 6তাৰ তম্বুত পোহৰেই আন্ধাৰ হব, আৰু তাৰ ওপৰত ওলোমাই থোৱা চাকি নুমাই যাব।

7তাৰ খোজৰ শক্তি কম হৈ যাব, আৰু সি নিজৰ পৰামৰ্শতে নিজে পৰিব। 8কিয়নো তাৰ নিজৰ ভৰিয়েই নিজক জালৰ মাজত পেলাই দিয়ে, আৰু সি পাশৰ ওপৰেদি ফুৰে।

9কুন্দাই তাৰ ভৰিৰ গোৰোৱাত ধৰিব, আৰু সি ফান্দত ধৰা পৰিব। 10তাৰ নিমিত্তে মাটিত খোৰোচা লুকুৱাই পতা আছে, আৰু তাৰ নিমিত্তে বাটত ফাচ পতা আছে। 11কেইওফালৰ পৰা নানা ত্ৰাসে তাক ভয় লগাব, আৰু খোজে খোজে তাক খেদি যাব।

12ভোকত তাৰ বল কমি যাব, আৰু বিপদে তাৰ পতনলৈ বাট চাই থাকিব। 13মৃত্যুৰ জেষ্ঠ পুত্ৰই তাৰ সৰ্ব্বাঙ্গ গ্ৰাস কৰিব, আৰু তাৰ শৰীৰৰ অঙ্গ-প্ৰতঙ্গবোৰ খাই পেলাব,

14যি তম্বুতেই সি আশ্ৰয় লব, সেই তম্বুৰেই পৰা তাক তুলি নিয়া হব; ত্ৰাসবোৰৰ ৰজাৰ ওচৰলৈ তাক নিয়া হব। 15তাৰ অসম্পৰ্কীয়বিলাকে তাৰ তম্বুত বাস কৰিব; তাৰ বহতিৰ ঠাইত গন্ধক সিচা হব।

16তলত তাৰ শিপাবোৰ শুকাব, আৰু ওপৰত তাৰ ডাল কটা যাব। 17পৃথিবীৰ পৰা তাৰ সোঁৱৰণ লুপ্ত হব, আৰু গাৱেঁ-ভুয়েঁ তাৰ নাম নলব।

18তাক পোহৰৰ পৰা আন্ধাৰলৈ দূৰ কৰি দিয়া হব, আৰু সংসাৰৰ পৰা খেদাই দিয়া যাব। 19স্বজাতীয়বিলাকৰ মাজত তাৰ পো নাতি নাথাকিব, তাৰ বসতিৰ কোনো ঠাইত কোনো অৱশিষ্ট নাথাকিব। 20তাৰ দুৰ্দ্দিন দেখি পশ্চিমত থকা লোকবিলাকে বিস্ময় মানিব, আৰু পূবত থকাবিলাকে চিঞৰি উঠিব।

নিশ্চয়ে অধৰ্ম্মীৰ বাসস্থান এইৰূপ, আৰু ঈশ্বৰক নজনা লোকৰ ঠাই এনেকুৱা।

21

Copyright information for AsmULB